Trust Assamese
মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হ'ল জীৱন। কাৰণ জীৱনে দিয়া শিক্ষা কোনো কিতাপত পোৱা নাযায়।
Trust English
Life is the greatest teacher of human life. Because the lessons life gives cannot be found in any book.
Trust Assamese
সম্পৰ্কত বিশ্বাসৰ জোৰ অনুভৱৰ জোৰতকৈয়ো বেছি থকা উচিত।
Trust English
In relationships, the strength of trust should be even greater than the strength of feelings.
Trust Assamese
কিছুমান কথা নিজেও সহ্য কৰিবলৈ শিকিব লাগে, কাৰণ আমাৰ মাজতো এনেকুৱা বহুত ভুল আছে যাক আনেও সহ্য কৰি আহিছে।
Trust English
We must learn to tolerate some things ourselves, because we too have many faults that others have been tolerating.
Trust Assamese
ভালপোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসত আছে।
Trust English
The importance of love lies not in ego, but in trust.
Trust Assamese
প্ৰয়োজন অন্য কিবাৰেও পূৰণ কৰিব পাৰি, কিন্তু অভ্যাস সলনি কৰা ইমান সহজ নহয়।
Trust English
Needs can be fulfilled by other means, but changing a habit is not that easy.
Trust Assamese
আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ যোৱাৰ আগতে নিজৰ চৰিত্ৰ কেনেকুৱা সেইটো বিচাৰ কৰক।
Trust English
Before judging others' character, judge what your own character is like.
Trust Assamese
জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে।
Trust English
To never fall in life's battles, you must always keep faith in yourself.
Trust Assamese
প্ৰিয়জনক ইমান বিশ্বাস কৰক যে কেতিয়াবা আপোনাক মিছা ক'লেও, আপোনাতকৈ তেওঁহে বেছি দুখ অনুভৱ কৰে।
Trust English
Trust your loved one so much that even when they lie to you, they feel more pain than you do.
Trust Assamese
সম্পৰ্কৰ নাম যিয়েই নহওক কিয়, বিপদৰ সময়ত যিজন আপোনাৰ কাষত থাকিব তেওঁৱেই আচল।
Trust English
Whatever the name of the relationship, the one who stays beside you in times of trouble is the real one.
Trust Assamese
আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে, দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন।
Trust English
You don't need a blood relation to be close — the one who stands beside you in sorrow is truly your own.
Trust Assamese
হয়, প্ৰেমক বিশ্বাস বহু কৰোঁ, কিন্তু মানুহক নহয়।
Trust English
Yes, I believe deeply in love — but not in people.
Trust Assamese
কাৰোবাৰ ভুলবোৰত ক্ষমা কৰিব পাৰি, কিন্তু কোনোদিনে পাহৰিব নোৱাৰি।
Trust English
You can forgive someone's mistakes, but you can never forget them.
Trust Assamese
দূৰত্বই একোটা সম্পৰ্কৰ শেষ কেতিয়াও কৰিব নোৱাৰে, কিন্তু মৌনতাই সেই সম্পৰ্কবোৰ শেষ কৰি দিয়ে।
Trust English
Distance can never end a relationship, but silence can destroy it.
Trust Assamese
প্ৰেম মানেই বিশ্বাস, যি বয় হৃদয়ৰ পৰা হৃদয়লৈ।
Trust English
Love means trust — it flows from heart to heart.
Trust Assamese
বিশ্বাস বহুতে ভাঙিছে, আঘাতো বহুতে দিছে, কিন্তু মিছাকৈ হ'লেও মুখত এটা হাঁহি লৈ সকলোকে মাফ কৰি গৈছোঁ।
Trust English
Many have broken my trust, many have hurt me, but with a smile — even if fake — I have forgiven everyone.
Trust Assamese
জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন, ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন।
Trust English
Just as breathing is essential for life, trust is essential for relationships.
Trust Assamese
আটাইতকৈ অধিক বিশ্বাস কৰাজনেই যেতিয়া বিশ্বাস ভাঙি দিয়ে, তেতিয়া আৰু কাকোৱেই বিশ্বাস কৰিবলৈ সাহস নহয়।
Trust English
When the most trusted person breaks your trust, you lose the courage to trust anyone else.
Trust Assamese
সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাতকতাৰ বাবে।
Trust English
Relationships never end because of distance — they end because of ego, disrespect, selfishness, and betrayal.