Bihu Wishes in Assamese

Send heartfelt বিহু (Bihu) wishes and greetings to your loved ones.

20 wishes available
Bihu Assamese
সকলোলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। আশা কৰো এই বিহুয়ে সমাজত শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী মজবুত কৰক।
Bihu English
Heartfelt Rongali Bihu wishes to all. May this Bihu strengthen the bonds of peace, harmony, and brotherhood in society.
Bihu Assamese
অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা ও হিয়া ভৰা ওলগ জনালোঁ। আশা কৰো এই বছৰটোৱে সকলোলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক।
Bihu English
Heartfelt wishes and warm greetings on the Assamese New Year and Rongali Bihu. May this year bring happiness and prosperity to all.
Bihu Assamese
ৰঙালীৰ আনন্দই সুখ-সম্প্ৰীতি আৰু সমৃদ্ধি কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ, তাৰেই কামনা। শুভ ৰঙালী বিহু।
Bihu English
May the joy of Rongali bring happiness, harmony, and prosperity to your life -- that is my wish. Happy Rongali Bihu.
Bihu Assamese
সমুহ অসমবাসী ৰাইজলৈ বাপতিসাহোন ৰঙালী বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলোঁ।
Bihu English
Extending countless good wishes on the grand Rongali Bihu to all the people of Assam.
Bihu Assamese
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এই উৎসৱে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোলৈ কঢিয়াই আনক সুখ-সম্প্ৰীতি আৰু আশাৰ বতৰা।
Bihu English
Rongali Bihu greetings to you. May this festival bring happiness, harmony, and tidings of hope to you and your entire family.
Bihu Assamese
চেনেহৰ অসমবাসী ৰাইজলৈ বহাগ বিহু আৰু অসমীয়া নববৰ্ষৰ হিয়া ভৰা ওলগ জনালো! বিহুৱে কঢ়িয়াই আনক সকলোৰে জীৱনলৈ আশা আৰু আনন্দ।
Bihu English
Heartfelt greetings on Bohag Bihu and the Assamese New Year to the beloved people of Assam! May Bihu bring hope and joy to everyones life.
Bihu Assamese
সমগ্ৰ অসমবাসী ৰাইজলৈ অসমীয়াৰ বাপতি-সাহোন বহাগ বিহু তথা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। ৰঙালীৰ ৰঙে যেন সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি, শান্তি কঢ়িয়াই আনে।
Bihu English
Heartfelt wishes on the grand Bohag Bihu and Rongali Bihu to all the people of Assam. May the colors of Rongali bring happiness, prosperity, and peace to everyones life.
Bihu Assamese
নতুন সূৰ্য, নতুন প্ৰাণ, নতুন সুৰ, নতুন গান, নতুন পোহৰ, নতুন প্ৰভাত। ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা।
Bihu English
A new sun, new life, new melody, new song, new light, a new dawn. Heartfelt wishes on Rongali Bihu and the Assamese New Year.
Bihu Assamese
ৰঙালীৰ আগমণে সকলোৰে জীৱনৰ দুখ-বিষাদ সমূহ আঁতৰ কৰি কঢ়িয়াই আনক সুখ, শান্তি, সমৃদ্ধিৰ বতৰা। শুভ ৰঙালী বিহু।
Bihu English
May the arrival of Rongali remove all sorrow and grief from everyones life and bring tidings of happiness, peace, and prosperity. Happy Rongali Bihu.
Bihu Assamese
কুলিৰ শুৱলা মাতে, কপৌৰ ফুলৰ সৌন্দৰ্যয়ে, তগৰ ফুলৰ সুগন্ধিয়ে আমাৰ অসমী আইৰ প্ৰাকৃতিক শোভা দুগুণ কৰক। শুভ ৰঙালী বিহু।
Bihu English
May the sweet call of the cuckoo, the beauty of the kopou flower, and the fragrance of the togor flower double the natural beauty of our Mother Assam. Happy Rongali Bihu.
Bihu Assamese
ৰঙালীৰ ৰঙেৰে উপচি পৰক সকলোৰে দেহ মন সেই কামনাৰে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ।
Bihu English
May the colors of Rongali overflow into everyones body and mind -- with that wish, heartfelt Rongali Bihu greetings to you and your family.
Bihu Assamese
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনালো। নতুন বছৰটোয়ে আপোনাৰ জীৱনলৈ লৈ আনক অফুৰন্ত আনন্দ।
Bihu English
Greetings on Rongali Bihu and the Assamese New Year. May the new year bring endless joy to your life.
Bihu Assamese
বহাগ মাঁথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণ জীৱনৰ ই সাহ। সকলোলৈ হেঁপাহৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো।
Bihu English
Bohag is not just a season, nor merely a month -- it is the lifeline of the Assamese nation, the courage of our collective life. Heartfelt Rongali Bihu wishes to all.
Bihu Assamese
অতিকে চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাঁকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি, নাপাতি কেনেকৈ থাকো। তোমাক আৰু তোমাৰ পৰিয়াললৈ ৰঙালী বিহুৰ শুভেচ্ছা।
Bihu English
Dearer than the muga silkworms cocoon, dearer still is the yarn, but dearest of all is Bohag Bihu -- how can I not celebrate it? Rongali Bihu wishes to you and your family.
Bihu Assamese
ঢোল, পেঁপা, গগণাৰ মুখৰিত পৰিৱেশে সকলোৰে দেহ-মন আনন্দময় কৰি তোলক। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা।
Bihu English
May the vibrant sounds of the dhol, pepa, and gogona fill everyones body and soul with joy. Heartfelt wishes on Rongali Bihu.
Bihu Assamese
কপৌৰ ফুলৰ সৌন্দৰ্য, তগৰ ফুলৰ সুগন্ধৰে ভৰপূৰ বহাগৰ সুকীয়া পৰিৱেশৰ আমেজে সকলোৰে জীৱনলৈ সুখৰ বতৰা কঢ়িয়াই আনক।
Bihu English
May the beauty of the kopou flower, the fragrance of the togor flower, and the unique atmosphere of Bohag bring tidings of joy to everyones life.
Bihu Assamese
ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়াভৰা ওলগ জনালো। আশা কৰো, বিহুটিয়ে আমাৰ সাতামপুৰুষীয়া এনাজৰীডাল সুদৃঢ় কৰি সমাজলৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।
Bihu English
Heartfelt greetings on Rongali Bihu and the Assamese New Year. May this Bihu strengthen our age-old bonds of unity and bring peace and prosperity to society.
Bihu Assamese
চ'তে গৈয়ে গৈয়ে বহাগ পালেহি, ফুলিলে ভেবেলি লতা, কৈনো কৈ থাকিলে ওৰকে নপৰে, বহাগৰ বিহুটিৰ কথা। সকলোলৈ হেঁপাহৰ ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা।
Bihu English
Chot slowly gave way to Bohag, the vines have blossomed; one can never finish speaking of the beauty of Bohag Bihu. Warmest Rongali Bihu wishes to all.