Royal Assamese
আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজবাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা।
Royal English
Our greatest weakness is giving up midway. The easiest way to succeed is to try once more.
Royal Assamese
বাৰে বাৰে অসফল হোৱাৰ পিছতো কেতিয়াও উৎসাহ নেহেৰুৱাবা, কাৰণ এইটোৱেই হৈছে তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা।
Royal English
Never lose enthusiasm even after failing again and again — that itself is your life's greatest success.
Royal Assamese
এদিন মইও গুচি যাম তোমাক নোকোৱাকৈয়ে। চুপচাপ।
Royal English
One day I will also leave without telling you. Silently.
Royal Assamese
আমাৰ জীৱনটোৱেই এক প্ৰত্যাহ্বান, গতিকে গোটেই জীৱন যুঁজিব লাগিব।
Royal English
Our life itself is a challenge, so we must fight our entire lives.
Royal Assamese
লাহে লাহে সকলোৰে অপ্ৰিয় হৈ গৈ আছো — কাৰণ সঁচা কথা কোৱাটো মোৰ স্বভাৱ।
Royal English
Gradually becoming unlikeable to everyone — because speaking the truth is my nature.
Royal Assamese
আমি যদি বিচাৰো তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰো।
Royal English
If we want, we can write our own destiny with self-confidence and hard work.
Royal Assamese
তলত বহা মানুহ কেতিয়াও পৰি নাযায়।
Royal English
A person who sits at the bottom never falls.
Royal Assamese
মই সলনি হোৱা নাই, মাত্ৰ মই ডাঙৰ হৈছো আৰু সংযমী হৈছোঁ।
Royal English
I have not changed — I have just grown and become composed.
Royal Assamese
মোৰ attitude ৰ কাৰণ হৈছে মোৰ সফলতা।
Royal English
The reason for my attitude is my success.
Royal Assamese
জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, সেইজনেও জয়লাভ কৰে যিজনে ভাবে যে মই জয়ী হ'ব পাৰিম।
Royal English
In the battle of life, not only the strong win — even the one who believes they can win, wins.
Royal Assamese
নিজকে বিশ্বাস কৰ, কাৰণ তুমি অসীম শক্তিসম্পন্ন।
Royal English
Believe in yourself, for you possess infinite power.
Royal Assamese
সাহসী মন আৰু দৃঢ় আত্মা — এয়াই মোৰ পৰিচয়।
Royal English
A brave mind and a steadfast soul — this is my identity.
Royal Assamese
আনে যিমানেই যি নকওক কিয়, আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যযেই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে।
Royal English
No matter what others say, learn to stay composed — even the harshest sun cannot dry up the ocean.
Royal Assamese
যদি তুমি সূৰ্যৰ দৰে জিলিকিব বিচাৰা, তেন্তে তুমি সূৰ্যৰ দৰে জ্বলিব লাগিব।
Royal English
If you want to shine like the sun, you must first burn like the sun.
Royal Assamese
মোৰ আত্মবিশ্বাসে মোক শক্তি দিয়ে, মোৰ হাঁহিয়ে মোক সুন্দৰ কৰে।
Royal English
My self-confidence gives me strength, my smile makes me beautiful.
Royal Assamese
আৰু কি বৰ্বাদ কৰিব তেওঁ মোক — ছাই হও মই, জ্বলালেও জ্বলি নাযাওঁ।
Royal English
What more can they destroy — I am already ashes, even fire cannot burn me now.
Royal Assamese
মই মই আছো, আনৰ দৰে নহয়।
Royal English
I am who I am — not like anyone else.
Royal Assamese
মই মোৰ সপোনৰ ৰচক।
Royal English
I am the architect of my dreams.