Birthday
Assamese
আপোনাৰ জীৱন সদায় শান্তি আৰু প্ৰেমৰে ভৰপূৰ্ণ থাকক। শুভ জন্মদিন!
Birthday
English
May your life always be filled with peace and love. Happy Birthday!
Birthday
Assamese
আগন্তুক দিনবোৰ ৰোমাঞ্চকৰ, সুখৰ আৰু সম্ভাৱনাময় হোৱাৰ কামনাৰে জন্মদিনৰ শুভেচ্ছা জনালোঁ।
Birthday
English
Wishing you a happy birthday with the hope that coming days be thrilling, joyful, and full of promise.
Birthday
Assamese
তুমি কুশলে থাকা, তোমাৰ সকলো সপোন দিঠকত পৰিণত হওঁক। ওপজা দিনৰ শুভেচ্ছা!
Birthday
English
Stay well, may all your dreams come true. Birthday wishes!
Birthday
Assamese
শুভ জন্মদিন! ঈশ্বৰে আপোনাক দীৰ্ঘায়ু, স্বাস্থ্য, আৰু সমৃদ্ধি দিয়ক।
Birthday
English
Happy Birthday! May God grant you longevity, health, and prosperity.
Birthday
Assamese
জন্মদিন হৈছে এক নতুন আৰম্ভণি। আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ক।
Birthday
English
A birthday is a new beginning. Move forward with confidence and courage.
Birthday
Assamese
সুখ, সমৃদ্ধি, যশ, আনন্দ, সু-স্বাস্থ্যৰে তোমাৰ অনাগত দিনবোৰ জীপাল আৰু মধুৰ হৈ পৰাৰ কামনাৰে।
Birthday
English
Wishing that your coming days be vibrant and sweet with happiness, prosperity, fame, joy, and good health.
Birthday
Assamese
ওপজা দিনৰ শুভেচ্ছা জনালো, জীৱনৰ প্ৰতিটো খোজতেই সাফল্যই ধৰা দিয়ক।
Birthday
English
Birthday greetings -- may success greet you at every step of life.
Birthday
Assamese
তোমাৰ জীৱনৰ প্ৰতিটো দিন হৈ পৰক সুখেৰে ভৰপূৰ, তোমাৰ চাৰিওফালে বিয়পি পৰক আনন্দৰ বন্যা।
Birthday
English
May every day of your life be filled with happiness, and a flood of joy spread all around you.
Birthday
Assamese
দেউতা, আপোনাৰ জন্মদিনত শুভেচ্ছা আৰু মৰম জনালোঁ। আপোনাৰ সাহসে আৰু আদৰ্শই মোক অনুপ্ৰাণিত কৰে।
Birthday
English
Father, I send you birthday wishes and love. Your courage and ideals inspire me.
Birthday
Assamese
মা, আপোনাৰ জন্মদিনত আপোনাক অনেক মৰম আৰু আশীৰ্বাদ জনালোঁ। আপুনি মোৰ জীৱনৰ শক্তি। শুভ জন্মদিন, মা।
Birthday
English
Mother, I send you much love and blessings on your birthday. You are the strength of my life. Happy birthday, Mother.
Birthday
Assamese
তোমাৰ দৰে বন্ধু মোৰ জীৱনত ঈশ্বৰৰ উপহাৰ। শুভ জন্মদিন। তোৰ সকলো সপোন পূৰ্ণ হওক।
Birthday
English
A friend like you is Gods gift in my life. Happy birthday. May all your dreams come true.
Birthday
Assamese
দূখৰ তিক্ততা আঁতৰি, সুখৰ মিঠা অনুভৱেৰে তোমাৰ মন ৰঙীণ হৈ জীৱন হৈ পৰক সুখময়।
Birthday
English
May the bitterness of sorrow fade, and with the sweet feeling of happiness, may your mind be colorful and life become joyful.
Birthday
Assamese
আশাকৰোঁ আজিৰ এই বিশেষ মুহূৰ্ত্তই তোমাৰ জীৱনলৈ সীমাহীন সুখ, মৰম, আনন্দ আৰু সফলতা কঢ়িয়াই আনে।
Birthday
English
I hope this special moment brings limitless happiness, love, joy, and success into your life.
Birthday
Assamese
অন্তহীন প্ৰেম আৰু পাহৰিব নোৱাৰা মুহূৰ্ত্তৰে আজিৰ দিনটো তোমাৰ বাবে চিৰস্মৰণীয় হৈ ৰওঁক।
Birthday
English
With endless love and unforgettable moments, may this day remain forever memorable for you.
Birthday
Assamese
জন্মদিনৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ, এই বছৰটোয়ে যাতে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনে সুখ-সমৃদ্ধিৰ বতৰা।
Birthday
English
Heartfelt birthday wishes -- may this year carry tidings of happiness and prosperity into your life.
Birthday
Assamese
তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে।
Birthday
English
On this golden moment of this special day of your life, may your life overflow with countless happiness and joy.
Birthday
Assamese
তোমাৰ এই জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী।
Birthday
English
May this journey of your life be filled with immense happiness and joy.
Birthday
Assamese
তোমালৈ জন্মদিনৰ হিয়াভঁৰা ওলগ যাঁচিলো।
Birthday
English
Sending you heartfelt birthday greetings from the depths of my heart.