Heartbreak Assamese
যেতিয়া এটা সম্পৰ্কৰ আৰম্ভণি দুয়োজনৰ সন্মতিত হয়, পিছত সেই সম্পৰ্কই কিয় এজনৰ সন্মতিত বিচ্ছিন্ন হৈ যায়।
Heartbreak English
When a relationship begins with both people's consent, why does it end with just one person's decision?
Heartbreak Assamese
মিছাকৈ এটা মৃত সম্পৰ্কত থকাতকৈ অকলশৰীয়াকৈ থকায়ে ভাল।
Heartbreak English
It is better to be alone than to pretend in a dead relationship.
Heartbreak Assamese
নিজকে তেতিয়াই বৰ অকলশৰীয়া অনুভৱ হয়, যেতিয়া বিপদৰ সময়ত প্ৰিয়জনে সংগ এৰি দিয়ে।
Heartbreak English
You feel most alone when your loved one abandons you in times of trouble.
Heartbreak Assamese
আপোনজনে যদি ঈৰ্ষাৰ ভাষা বুজি পালেহেঁতেন, তেন্তে হয়তো আৰু কোনো সম্পৰ্ক বিচ্ছিন্ন নহ'লহেঁতেন।
Heartbreak English
If loved ones understood the language of jealousy, perhaps no more relationships would have been broken.
Heartbreak Assamese
আপুনিৰ পৰা তুমি হোৱাৰ গল্পটো মধুৰ হ'লেও, তুমিৰ পৰা আপুনি হোৱাৰ গল্পটো ভীষণ যন্ত্ৰণাদায়ক।
Heartbreak English
The story of becoming close was sweet, but the story of becoming distant is painfully agonizing.
Heartbreak Assamese
যিদিনা বুজিবা সিদিনা বিচাৰিবা, আজি তুমি নাই, সেইদিনা হয়তো মই নাথাকিম।
Heartbreak English
The day you understand, you will look for me. Today you are not here, that day perhaps I won't be either.
Heartbreak Assamese
কোনোবা হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে তেওঁক আৰু ঘূৰাই পোৱা নাযায়।
Heartbreak English
A lost person can be found, but a changed person can never be brought back.
Heartbreak Assamese
চকুৰ পানীত অকল পানী নাথাকে, তাত থাকে কাৰোবাৰ ভাঙি যোৱা সপোন।
Heartbreak English
Tears are not just water — they carry someone's broken dreams.
Heartbreak Assamese
আজিও মাজ নিশা তোমাৰ ভাৱণাই মোক শুবলৈ নিদিয়ে।
Heartbreak English
Even today, thoughts of you keep me awake at midnight.
Heartbreak Assamese
যিখন হাতে কালিলৈকে তোমাৰ হাতৰ পৰশত পাহি মেলিছিল, সেইখন হাতে আজি তোমাৰ হাতক জোকাৰি আধাবাটত অকলে এৰি থৈ গ'ল।
Heartbreak English
The hand that blossomed at your touch yesterday shook off your hand today and left you alone midway.
Heartbreak Assamese
অপেক্ষাবোৰ সময়ৰ সোঁতত উপেক্ষালৈ পৰিৱৰ্তিত হৈ যায়।
Heartbreak English
Waiting transforms into neglect in the flow of time.
Heartbreak Assamese
সকলোবোৰ শেষ হৈও স্মৃতিবোৰে প্ৰতিনিশা নয়নক সেমেকাই থৈ যায়।
Heartbreak English
Even after everything ended, the memories keep wetting my eyes every night.
Heartbreak Assamese
জীৱনত যাৰ লগত সুখ-দুখবোৰ ভগাই লোৱাৰ কথা আছিল, তেওঁৱেই চোন মোক দুখ দি আঁতৰি গুচি গ'ল।
Heartbreak English
The one I was supposed to share happiness and sorrow with gave me nothing but sorrow and walked away.
Heartbreak Assamese
চকুৰ পানী সকলোৱে দেখা পায়, কিন্তু হৃদয়ৰ বেদনা কোনেও দেখা নাপায়।
Heartbreak English
Everyone sees the tears, but no one sees the pain in the heart.
Heartbreak Assamese
যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়তো এদিন পাহৰি যাবা, কিন্তু যাৰ বাবে তুমি কান্দিছা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা।
Heartbreak English
You may forget the one who made you laugh, but you can never forget the one who made you cry.
Heartbreak Assamese
ভালপোৱাটো ভুল নাছিল, ভৰসা কৰাটোহে ভুল আছিল।
Heartbreak English
Loving was not the mistake — trusting was.
Heartbreak Assamese
হাঁহি থকা ওঁঠ যোৰিৰে অজস্ৰ বেদনা লুকাই ৰাখো।
Heartbreak English
Behind smiling lips, I hide countless pains.
Heartbreak Assamese
সম্পৰ্কবোৰ যিমানেই দীঘলীয়া, বিচ্ছেদৰ আঘাতবোৰ দুগুণে বেদনাদায়ক।
Heartbreak English
The longer the relationship, the more painful the wounds of separation.