Magh-bihu
Assamese
আহি থকা দিনবোৰ সুখ, শান্তি, সমৃদ্ধি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক। ভোগালী বিহুৰ শুভেচ্ছা।
Magh-bihu
English
May the coming days overflow with happiness, peace, prosperity, and the feasting of Bhogali. Bhogali Bihu wishes.
Magh-bihu
Assamese
মেজিৰ জুইয়ে যেন সকলো অমংগল, হিংসা-বিদ্বেষ পুৰি শেষ কৰে। তাৰেই কামনাৰে মাঘ বিহুৰ শুভকামনা।
Magh-bihu
English
May the fire of the meji burn away all misfortune, hatred, and malice. With that wish, Magh Bihu greetings.
Magh-bihu
Assamese
মেজিৰ উমেৰে আপোনাৰ জীৱন সমৃদ্ধিশালী হওক। ভোগালী বিহুৰ আন্তৰিক ওলগ।
Magh-bihu
English
May the warmth of the meji make your life prosperous. Heartfelt Bhogali Bihu greetings.
Magh-bihu
Assamese
মেজিৰ জুইয়ে আপোনাৰ জীৱনৰ সকলো অপায় অমংগল দূৰ কৰি শান্তিৰে ভৰাই তোলক। শুভ মাঘ বিহু।
Magh-bihu
English
May the fire of the meji remove all danger and misfortune from your life and fill it with peace. Happy Magh Bihu.
Magh-bihu
Assamese
ভোগালীয়ে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক একতা, শান্তি আৰু ভাতৃত্ববোধ। ভোগালী বিহুৰ শুভেচ্ছা।
Magh-bihu
English
May Bhogali bring unity, peace, and brotherhood to everyones life. Bhogali Bihu greetings.
Magh-bihu
Assamese
প্ৰীতিৰ ভোজে সুদৃঢ় কৰক সম্প্ৰীতিৰ এনাজৰী। ভোগালী বিহুৰ আন্তৰিক শুভকামনা।
Magh-bihu
English
May the feast of love strengthen the bonds of harmony. Heartfelt Bhogali Bihu wishes.
Magh-bihu
Assamese
উৰুকা মানে একতা, উৰুকা মানে ভোগ। আপোনাক আৰু আপোনাৰ পৰিয়াললৈ উৰুকাৰ আন্তৰিক শুভেচ্ছা।
Magh-bihu
English
Uruka means unity, Uruka means feasting. Heartfelt Uruka wishes to you and your family.
Magh-bihu
Assamese
অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। পিঠা-পনা খাই জীৱনটো উপভোগ কৰক।
Magh-bihu
English
Heartfelt wishes on the grand and much-awaited Bhogali Bihu. Enjoy life with pitha and pona (traditional Assamese delicacies).
Magh-bihu
Assamese
ভোগালীৰ উলাহে সকলোৰে মনলৈ ন উদ্যম আৰু সঞ্জীৱনী শকতি আনক। ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা।
Magh-bihu
English
May the exuberance of Bhogali bring renewed vigor and life-giving energy to everyones heart. Heartfelt Bhogali Bihu wishes.
Magh-bihu
Assamese
মেজিৰ জুইত দুখ, দুৰ্গতি, হিংসা জাহ যাওক। আপোনাৰ জীৱন সুখেৰে ভৰি পৰক। শুভ ভোগালী বিহু।
Magh-bihu
English
May sorrow, misery, and hatred be consumed in the fire of the meji. May your life be filled with happiness. Happy Bhogali Bihu.
Magh-bihu
Assamese
মেজিৰ অগ্নিশিখাই সমাজৰ পৰা অপশক্তি বিনাশ কৰি অনাবিল সুখ-শান্তি আনক। ভোগালী বিহুৰ শুভেচ্ছা।
Magh-bihu
English
May the flames of the meji destroy evil forces from society and bring pure happiness and peace. Bhogali Bihu greetings.
Magh-bihu
Assamese
আপোনাক আৰু আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা। এই পৱিত্ৰ ক্ষণে আপোনাৰ জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।
Magh-bihu
English
Heartfelt Bhogali Bihu wishes to you and every member of your family. May this sacred moment bring happiness, peace, and prosperity to your life.
Magh-bihu
Assamese
ভোগালীয়ে আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ সকলোৰে মনবোৰ সমৃদ্ধ কৰক, কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস।
Magh-bihu
English
May Bhogali enrich the hearts of you and all your family members, and bring joy and celebration to your lives.
Magh-bihu
Assamese
ভোগালীৰ ভোগেৰে, মেজিৰ উমেৰে, তোমালৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা যাচিছোঁ।
Magh-bihu
English
With the feasting of Bhogali and the warmth of the meji, I offer you heartfelt Magh Bihu greetings.
Magh-bihu
Assamese
মাটি মাহৰ সোৱাদেৰে, মিঠা আলুৰ মিঠাৰে, বৰা চাউলৰ আঠাৰে, ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা।
Magh-bihu
English
With the flavor of urad dal, the sweetness of sweet potato, and the stickiness of bora rice -- heartfelt Bhogali Bihu wishes.
Magh-bihu
Assamese
মেজিৰ জুইয়ে নাশ কৰক দুৰ্যোগ, অপায়, অমংগল। সকলোৰে জীৱনলৈ বৈ আহক শান্তিৰ সোঁত। তাৰেই কামনাৰে জনালোঁ ভোগালী বিহুৰ শুভকামনা।
Magh-bihu
English
May the fire of the meji destroy calamity, danger, and misfortune. May a stream of peace flow into everyones life. With that wish, I extend Bhogali Bihu greetings.
Magh-bihu
Assamese
মেজিৰ পোহৰৰ দৰে উদ্ভাসিত হৈ পৰক তোমাৰ জীৱন। মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা।
Magh-bihu
English
May your life shine bright like the light of the meji. Heartfelt Magh Bihu wishes.
Magh-bihu
Assamese
মেজিৰ পবিত্ৰ জুইয়ে সকলোৰে হৃদয় উমাল কৰি তোলক। তাৰেই কামনা কৰিছো। ভোগালী বিহুৰ শুভেচ্ছা।
Magh-bihu
English
May the sacred fire of the meji warm everyones hearts. That is my wish. Bhogali Bihu greetings.