Browse by Festival & Occasion

Newyear Assamese
নতুন বছৰে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ সুখ, শান্তি, সমৃদ্ধি কঢ়িয়াই আনক।
Newyear English
May the new year bring happiness, peace, and prosperity to you and your family.
Newyear Assamese
নতুন বছৰটোত নতুন আশাৰে আপোনাৰ প্ৰতিটো দিন সফলতাৰে ভৰি পৰক।
Newyear English
May every day of the new year be filled with success and fresh hope.
Newyear Assamese
অতীতৰ দুখবোৰ পাহৰি নতুন বছৰৰ নতুন সপোনেৰে আপোনাৰ জীৱন সুখ শান্তিময় হওঁক।
Newyear English
Forgetting the sorrows of the past, may your life be peaceful and happy with new dreams of the new year.
Newyear Assamese
এই বছৰৰ প্ৰত্যেক ক্ষণ বিশেষ হওক, আনন্দ ফুৰ্তিৰে ভৰা হওক, প্রত্যেক দিন সুখ শান্তিৰে ভৰা হওক।
Newyear English
May every moment of this year be special, filled with joy and merriment, and every day filled with happiness and peace.
Newyear Assamese
নৱবৰ্ষৰ প্ৰতিটো দিনেই সফলতাৰ ফাকু চতিয়াই, ৰঙীন কৰি তোলক আপোনাৰ জীৱন।
Newyear English
May every day of the new year scatter the colors of success, making your life colorful.
Newyear Assamese
গৰকি অহা বছৰকেইটাৰ পোৱা-নোপোৱাৰ হিচাপটো একাষৰীয়া কৰি ন-উদ্দ্যমেৰে উপভোগ কৰক এই নৱবৰ্ষ।
Newyear English
Setting aside the accounting of gains and losses of the past years, enjoy this new year with renewed vigor.
Newyear Assamese
বিগত বৰ্ষৰ মধুৰ মূহুৰ্তবোৰ স্মৃতিৰ মণিকুঠত ৰাখি, নববৰ্ষত নতুন আশাৰে আগবঢ়াৰ শুভেচ্ছা জনালো।
Newyear English
Keeping the sweet moments of the past year in the treasury of memories, extending greetings to move forward with new hope in the new year.
Newyear Assamese
আপোনাৰ জীৱনটো হওঁক সূৰ্যৰ দৰে উজ্জ্বল, পানীৰ দৰে শীতল, মৌৰ দৰে মিঠা। নৱবৰ্ষৰ শুভেচ্ছা!
Newyear English
May your life be bright as the sun, cool as water, and sweet as honey. Happy New Year!
Newyear Assamese
তোমাৰ সকলো আশা পূৰণ হওঁক, সকলো সপোন সত্য হওঁক। নৱবৰ্ষৰ শুভেচ্ছা!
Newyear English
May all your hopes be fulfilled and all your dreams come true. Happy New Year!
Newyear Assamese
অনাগত দিনবোৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ, শান্তি আৰু আনন্দ।
Newyear English
May the coming days bring pure happiness, peace, and joy to your life.
Newyear Assamese
নতুন বছৰৰ প্ৰতিদিনে সুখ, আনন্দৰে ভৰি পৰক আৰু সাফল্যৰ বাৰ্তা আনি আপোনাৰ জীৱনটো ৰঙীন কৰি তোলক।
Newyear English
May every day of the new year be filled with happiness and joy, and may the message of success make your life colorful.
Newyear Assamese
আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ এই নৱবৰ্ষই কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধি।
Newyear English
May this new year bring happiness, peace, and prosperity to you and your family.
Newyear Assamese
নতুন বছৰৰ নতুন কিৰণ, এই কিৰণৰ প্ৰতিটো স্পৰ্শই জীয়াই তুলক আপোনাৰ জীৱন।
Newyear English
New rays of the new year; may every touch of these rays enliven your life.
Newyear Assamese
পুৰণি বছৰৰ দুখ-কষ্ট পৰিহাৰ কৰি ন ৰঙেৰে উদ্ভাসিত হৈ উঠক আপোনাৰ জীৱন।
Newyear English
Leaving behind the sorrows of the old year, may your life shine with new colors.
Newyear Assamese
আশাবোৰ পূৰণ হওক, সপোনবোৰ বাস্তৱ হওক, দুখবোৰ গুচি যাওক, আপোনাৰ নতুন বছৰৰ দিনবোৰ ভাল হওক।
Newyear English
May hopes be fulfilled, dreams become reality, sorrows disappear, and may your new year days be good.
Newyear Assamese
কেৱল প্ৰথম দিনাই নহয়, বছৰৰ প্ৰতিটো দিনেই আপোনাৰ সুখ স্থায়ী হওক।
Newyear English
May your happiness last not just on the first day, but every day of the year.
Newyear Assamese
নতুন আশা নতুন প্ৰাণ, নতুন হাঁহি নতুন গান। নতুন কিৰণ নতুন পোঁহৰ, নতুন দিন হওক ভাল।
Newyear English
New hope, new life, new laughter, new songs. New rays, new light, may new days be good.
Newyear Assamese
আপোনাৰ এই নতুন বছৰটো যাতে ১২ মাহ আনন্দৰে, ৫২ সপ্তাহ সুখেৰে, ৩৬৫ দিন সফলতাৰে ভৰি পৰক।
Newyear English
May this new year of yours be filled with 12 months of joy, 52 weeks of happiness, and 365 days of success.